Show/Hide Keyboard Layout

আকাশ যেতিয়া সন্ধ্যা

- পুলক বেনাৰ্জী

আকাশ যেতিয়া

সন্ধ্যা তৰায়ে জিলমিলায়

মোৰ যে মনত

গানৰ পখীয়ে

গুণ গুণায়

জুৰ মলয়াই

মধুৰ সুবাস

সিঁচি যায়

মোৰ যে মনত

গানৰ পখীয়ে

গুণ গুণায় ।

 

ৰূপালী জোনাকে

কিনো মায়া সানে

পৃথিৱী ধুৱাই ...

যেন দুচকুত

অযুত সপোন আঁকি যায়

মোৰ যে মনত

গানৰ পখীয়ে

গুণ গুণায় ।

 

সুৰ লহৰীয়ে

গাঁথে সুৰ সাতেসৰী

লহৰে লহৰে

উঠে মোৰ প্ৰাণ ভৰি ...

সৰু তৰাজাকে

কিনো মেলা পাতে

নীলিমা ভৰাই

যেন দুচকুত

অযুত সপোন আঁকি যায়

মোৰ যে মনত

গানৰ পখীয়ে

গুণ গুণায় ।।

Hits: 2495